নামো ড্ৰোন দিদি আঁচনি

Submitted by shahrukh on Sat, 04/05/2024 - 16:15
CENTRAL GOVT CM
Scheme Open
Highlights
  • ড্ৰোন ক্ৰয়ৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক ৰাজসাহায্য প্ৰদান কৰা হ'ব।
  • ড্ৰোনৰ খৰচৰ ৮০% বা সৰ্বাধিক ৰাজসাহায্য অথবা ৮ লাখ টকা প্ৰদান কৰা হ'ব।
  • ড্ৰোনৰ বাকী ব্যয়ৰ বাবে এআইএফৰ (AIF) পৰা ঋণ সুবিধাও দিয়া হব।
  • এই ঋণৰ ওপৰত ৩% নামমাত্ৰ সুদৰ হাৰ প্ৰদান কৰা হ'ব।
  • ড্ৰোন উৰুৱাৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব।
  • মহিলা আত্মসহায়ক গোটসমূহে (SHG) এই ড্ৰোনসমূহ ভাড়াত লৈ কৃষকসকলক সেৱা আগবঢ়াব পাৰে।
  • মহিলাৰ আত্মসহায়ক গোটসমূহে (SHG) ড্ৰোনৰ সহায়ত বছৰি ১ লাখ টকা উপাৰ্জন কৰিব পাৰিব।
Customer Care
  • নামো ড্ৰোন দিদী আঁচনিৰ বিষয়ে অধিক তথ্যৰ বাবে আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকলে তেওঁৰ ওচৰৰ গ্ৰাম পঞ্চায়ত কাৰ্যালয় বা প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।
আঁচনিৰ ওভাৰভিউ
আচঁনিৰ নাম নামো ড্ৰোন দিদি আঁচনি।
আৰম্ভণি বছৰ ৩০-১১-২০২৩.
লাভ
  • বিনামূলীয়াকৈ ড্ৰোন উৰুৱাবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
  • ড্ৰোন ক্ৰয়ৰ বাবে সাহায্য আৰু ঋণৰ সুবিধা।
হিতাধিকাৰী মহিলা আত্মসহায়ক গোট।
সাবস্ক্রিপশন আঁচনিৰ আপডেট পাবলৈ ইয়াত সাবস্ক্ৰাইব কৰক।
আবেদন কৰাৰ প্ৰক্ৰিয়া নামো ড্ৰোন দিদি আঁচনি এপ্লিকেচন ফৰ্মৰ জৰিয়তে।

ভূমিকা

  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰত ২০২৩ চনৰ ভিডিঅ' কনফাৰেন্সিংযোগৰ দ্বাৰা 'নমো ড্ৰোন দিদি' আৰম্ভ কৰা হৈছে ।
  • এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰ মহিলাসকলক অধিক উপাৰ্জন কৰাৰ বাবে এটা মঞ্চ আৰু পদ্ধতি প্ৰদান কৰি তেওঁলোকক সবল কৰা।
  • এই আঁচনিখন সমগ্ৰ দেশতে বেলেগ নামেৰে জানা যায় জেনে "নমো ড্ৰোন দিদি যোজনা" বা "প্ৰধানমন্ত্ৰী ড্ৰোন দিদি আঁচনি" বা "প্প্ৰাইম মিনিষ্টাৰ ড্ৰোন দিদি আঁচনি"
  • মূলত মহিলা আত্মসহায়ক গোটৰ উন্নতিৰ বাবে এই নমো ড্ৰোন দিদি আঁচনি আৰম্ভ কৰা হৈছে, য'ত মহিলাসকলক এছএইচজিৰ (SHG) আয় বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰা হ'ব।
  • ভাৰত চৰকাৰে নমো ড্ৰ'ন দিদি আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক ৰাজসাহায্য মূল্যত ড্ৰ'ন প্ৰদান কৰিব।
  • এই ড্ৰোনসমূহ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে ভাড়াৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
  • কৃষকসকলক ড্ৰ'ন ভাড়া সেৱা প্ৰদান কৰা হ'ব য'ত কৃষি ক্ষেত্ৰত কীটনাশক বা সাৰ স্প্ৰে কৰাৰ কামৰ বাবে ড্ৰ'নৰ সহায়ত কৰা হ'ব।
  • ইয়াৰ দ্বাৰা মহিলা SHG সমূহে তেওঁলোকৰ সদস্যসকলৰ বাবে আৰু লগতে কৃষকসকলৰ বাবে অধিক উপাৰ্জন কৰাত সহায় কৰিব আৰু কৃষকৰ কাৰ্য্যকৰী ব্যয় হ্ৰাস পাব আৰু কামৰ দক্ষতা বৃদ্ধি পাব।
  •  নমো ড্ৰোন দিদি আঁচনিৰ অধীনত বাণিজ্যিক উদ্দেশ্যৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক (SHG) ড্ৰোন ক্ৰয়ৰ বাবে ড্ৰোন খৰচ ৮০% বা সৰ্বাধিক ৮,০০,০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ'ব।
  • ৰাষ্ট্ৰীয় কৃষি ভাৰত বিত্তীয় সুবিধা (AIF) ৰ পৰা মহিলা এছএইচজিৰ (SHG)বাবে ঋণৰ সুবিধা উপলব্ধ হ'ব।
  • এআইএফৰ (AIF) পৰা লোন লাভৰ বাবে পৰিশোধ কৰিবলগীয়া সুতৰ হাৰ হব বছৰি ৩%।
  • ৰাজসাহায্যৰ ধন মুকলি কৰাৰ পূৰ্বে এছএইচজিৰ (SHG) মহিলা সদস্যসকলক ড্ৰোন উৰুৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
  • নমো ড্ৰ'ন দিদি আঁচনিৰ অধীনত ড্ৰ'ন ক্ৰয়ৰ বাবে ৰাজসাহায্য লাভ কৰিবলৈ ড্ৰ'ন উৰণ প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।
  • অনুমান কৰা হৈছে যে নমো ড্ৰোন দিদি আঁচনিৰ অধীনত প্ৰদান কৰা ড্ৰোনৰ সহায়ত নমো ড্ৰোন দিদি আঁচনিৰ হিতাধিকাৰীয়ে বছৰি ১,০০,০০০/- টকাৰ অতিৰিক্ত আয় অৰ্জন কৰিব পাৰে।
  • কেৱল মহিলা আত্মসহায়ক গোটসমূহে এই নমো ড্ৰোন দিদি আঁচনিৰ অধীনত ড্ৰোন ক্ৰয়ৰ বাবে ৰাজসাহায্য লাভ কৰিব পাৰে।
  • হিতাধিকাৰী মহিলাসকলে তেওঁলোকৰ নিকটৱৰ্তী গাঁও পঞ্চায়ত কাৰ্যালয় বা প্ৰধানমন্ত্ৰী কিসাম সমৃদ্ধি কেন্দ্ৰৰ সৈতে আবেদন প্ৰক্ৰিয়া জানিবলৈ বা নমো ড্ৰোন দিদি আঁচনিৰ বিষয়ে অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে।

আঁচনিৰ সুবিধাসমূহ

  • ভাৰত চৰকাৰে নমো ড্ৰোন দিদি আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক (SHG) তলত উল্লেখ কৰা সুবিধা প্ৰদান কৰিব :-
    • ড্ৰোন ক্ৰয়ৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক ৰাজসাহায্য প্ৰদান কৰা হ'ব।
    • ড্ৰোনৰ খৰচৰ ৮০% বা সৰ্বাধিক ৰাজসাহায্য অথবা ৮ লাখ টকা প্ৰদান কৰা হ'ব।
    • ড্ৰোনৰ বাকী ব্যয়ৰ বাবে এআইএফৰ (AIF) পৰা ঋণ সুবিধাও দিয়া হব।
    • এই ঋণৰ ওপৰত ৩% নামমাত্ৰ সুদৰ হাৰ প্ৰদান কৰা হ'ব।
    • ড্ৰোন উৰুৱাৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব।
    • মহিলা আত্মসহায়ক গোটসমূহে (SHG) এই ড্ৰোনসমূহ ভাড়াত লৈ কৃষকসকলক সেৱা আগবঢ়াব পাৰে।
    • মহিলাৰ আত্মসহায়ক গোটসমূহে (SHG) ড্ৰোনৰ সহায়ত বছৰি ১ লাখ টকা উপাৰ্জন কৰিব পাৰিব।

যোগ্যতাৰ মানদণ্ড

  • কেৱল সেইসকল হিতাধিকাৰীক নমো ড্ৰ'ন দিদি আঁচনিৰ অধীনত ড্ৰ'ন ক্ৰয় কৰিবৰ বাবে ৰাজসাহায্য আৰু ঋণ প্ৰদান কৰা হ'ব, যিসকলে নিম্নলিখিত যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব পৰিব :-
    • কেৱল মহিলা আত্মসহায়ক গোট (SHGs) এহে আবেদন কৰিব পাৰিব।
    • কেৱল ড্ৰোন কৃষি কাৰ্যকলাপৰ বাবে ভাড়াৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ'ব।

প্ৰয়োজনীয় নথিপত্ৰ

  • ভাৰত চৰকাৰ/নমো ড্ৰোন দিদি আঁচনিৰ অধীনত ড্ৰোন ক্ৰয়ৰ বাবে ৰাজসাহায্য আৰু ঋণৰ সুবিধা লাভ কৰিবলৈ নিম্ন উল্লেখিত নথিপত্ৰৰ প্ৰয়োজন হ'ব :-
    • মহিলা আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেচন নম্বৰ।
    • মহিলা সদস্যসকলৰ আধাৰ কাৰ্ড।
    • মহিলাৰ আত্মসহায়ক গোটৰ (SHGs) বেংক একাউণ্টৰ ডিটেলস।
    • ম'বাইল নম্বৰ।

কেনেকৈ আৱেদন কৰিব

  • চৰকাৰৰ দ্বাৰা গঠন কৰা জিলা সমিতিয়ে নমো ড্ৰোন দিদি আঁচনিৰ অধীনত যোগ্য মহিলা আত্মসহায়ক গোটসমূহক বাছনি কৰিব।
  • কেৱল পঞ্জীভুক্ত মহিলা আত্মসহায়ক গোটসমূহেহেহে নমো ড্ৰোন দিদি আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।
  • জিলা সমিতিয়ে মহিলা আত্মসহায়ক গোটসমূহক তেওঁলোকৰ আৰ্থিক স্থিতি আৰু সমাজৰ বাবে তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচন কৰিব।
  • জিলা সমিতিয়ে নিৰ্বাচিত মহিলা আত্মসহায়ক গোটৰ তালিকা জিলা সমিতিৰ দ্বাৰা প্ৰস্তুত কৰা হব আৰু এই নিৰ্বাচনৰ বিষয়ে এইচএইচজিৰ (SHGs) প্রধানক অৱগত কৰা হ'ব।
  • নমো ড্ৰোন দিদি আঁচনিৰ অধীনত নিৰ্বাচিত এছএইচজিৰ(SHGs) সকলো মহিলা সদস্যক ড্ৰোন উৰুৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
  • প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত নমো ড্ৰোন দিদি আঁচনিৰ অধীনত ড্ৰোন ক্ৰয়ৰ বাবে ৰাজসাহায্য আৰু ঋণ প্ৰদান কৰা হ'ব।
  • মহিলা আত্মসহায়ক গোটসমূহে (SHGs) তেওঁলোকৰ অঞ্চলৰ কৃষকসকলক কৃষি কাৰ্যৰ বাবে ড্ৰোন ভাড়া সেৱা প্ৰদান কৰিব পাৰে আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অতিৰিক্ত জীৱিকা অৰ্জন কৰিব পাৰে।
  • নমো ড্ৰোন দিদি আঁচনিৰ বিষয়ে অধিক তথ্যৰ জনাৰ বাবে হিতাধিকাৰী মহিলাসকলে তেওঁলোকৰ নিকটৱৰ্তী প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ বা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ লিংক

যোগাযোগৰ বিৱৰণ

  • নামো ড্ৰোন দিদী আঁচনিৰ বিষয়ে অধিক তথ্যৰ বাবে আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকলে তেওঁৰ ওচৰৰ গ্ৰাম পঞ্চায়ত কাৰ্যালয় বা প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।

Comments

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.

Rich Format